ভাৰতৰ মহিলা মুখ্যমন্ত্ৰী সকলৰ তালিকা - অসমীয়া ৱিকিপিডিয়া

মুখ্যমন্ত্ৰী হ’ল কোনো এখন ৰাজ্যৰ মুখ্য শাসক। তেওঁ হ’ল ৰাজ্যিক শাসন ব্যৱস্থা আৰু ৰাজ্যিক ৰাজনীতিৰ কেন্দ্ৰবিন্দুস্বৰূপ। সংবিধানৰ ১৬৪ (১) নং অনুচ্ছেদ অনুসৰি ৰাজ্যপালে বিধানসভাৰ সংখ্যাগৰিষ্ঠ দলনেতাজনক মুখ্যমন্ত্ৰী হিচাপে নিযুক্তি দিয়ে। কিন্তু কোনো এটা দলে সংখ্যাগৰিষ্ঠতা লাভ কৰিব নোৱাৰিলে, ৰাজ্যপালে তেওঁৰ স্ব-বিচাৰ ক্ষমতা প্ৰয়োগ কৰি মুখ্যমন্ত্ৰী নিযুক্তি দিব পাৰে। নিয়ুক্তিৰ সময়ত মুখ্যমন্ত্ৰীজন বিধানসভাৰ সদস্য নহ'লে, নিযুক্তি পোৱাৰ ছমাহৰ ভিতৰত তেওঁ বিধানমণ্ডললৈ নিৰ্বাচিত হ'ব লাগিব আৰু নিযুক্তিৰ পিচত তেওঁ ৰাজ্যপালৰ ওচৰত কাৰ্যভাৰ গ্ৰহণ আৰু গোপনীয়তাৰ শপত-বাক্য পাঠ কৰিব লাগে। তেওঁ বিধানসভাৰ সংখ্যাগৰিষ্ঠ সদস্যৰ সমৰ্থনতহে তেওঁৰ কাৰ্যকালত বাহাল থাকে। ১৬৪(২)নং অনুচ্ছেদ মতে মন্ত্ৰীসভা সামূহিকভাৱে ৰাজ্যিক বিধানসভাৰ ওচৰত দায়বদ্ধ থাকিব। [1][2]
১৯৪৭ চনৰ পৰা ভাৰতত ১৭ গৰাকী মহিলা মুখ্যমন্ত্ৰী হৈছে। মুখ্যমন্ত্ৰী হোৱা প্ৰথম মহিলাগৰাকী আছিল ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ সুচেতা কৃপালানী,তেওঁ ১৯৬৩ চনৰ ২ অক্টোবৰত উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিছিল। এতিয়ালৈ আটাইতকৈ দীৰ্ঘদিনীয়া মহিলা মুখ্যমন্ত্ৰী হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰিছে ভাৰতীয় জাতীয় কংগ্ৰেছৰ শীলা দীক্ষিত, তেওঁ [[দিল্লীৰ মুখ্যমন্ত্ৰীৰ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল আৰু পোন্ধৰ বছৰতকৈও অধিক সময় মুখ্যমন্ত্ৰী পদত অধিষ্ঠিত হৈ আছিল। তামিলনাডুৰ জয়ললিতা জয়ৰামই এতিয়ালৈ মুখ্যমন্ত্ৰী হিচাপে দ্বিতীয় সৰ্বাধিক কাৰ্যকাল চলাইছিল, ২০১৬ চনত মৃত্যুৰ আগলৈকে তেওঁ মুখ্যমন্ত্ৰী পদত অধিষ্ঠিত আছিল। মুখ্যমন্ত্ৰী পদত অধিষ্ঠিত হৈ থাকি মৃত্যুবৰণ কৰা জয়ললিতা জয়ৰাম প্ৰথমগৰাকী মহিলা মুখ্যমন্ত্ৰী। আনহাতে ভি. এন. জনাকী ৰামচন্দ্ৰন আটাইতকৈ কম (মাত্ৰ ২৩ দিন)দিনৰ বাবে হোৱা মহিলা মুখ্যমন্ত্ৰী। ভাৰতৰ ২৮খন ৰাজ্য আৰু ৮খন কেন্দ্ৰীয় শাসিত অঞ্চলৰ মাত্ৰ ১২খন ৰাজ্য আৰু ১খন কেন্দ্ৰীয় শাসিত অঞ্চলত এতিয়ালৈ মহিলাই মুখ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছে।
বৰ্তমান সৰ্বভাৰতীয় তৃণমূল কংগ্ৰেছ দলৰ পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী ভাৰতৰ একমাত্ৰ মহিলা মুখ্যমন্ত্ৰী
ক্ৰমিক নং | ছবি | নাম
(জন্ম–মৃত্যু ) |
কাৰ্যকাল | ৰাজ্য /কেন্দ্ৰীয় শাসিত অঞ্চল | ৰাজনৈতিক দল | |||
---|---|---|---|---|---|---|---|---|
দায়িত্বভাৰ গ্ৰহণ | কাৰ্যকাল শেষ | কাৰ্যকাল | ||||||
১ | ![]() |
সুচেতা কৃপালানী (১৯০৮–১৯৭৪) |
২ অক্টোবৰ ১৯৬৩ | ১৩ মাৰ্চ ১৯৬৭ | ৩ বছৰ ১৬২ দিন | উত্তৰ প্ৰদেশ | ভাৰতীয় জাতীয় কংগ্ৰেছ | |
২ | ![]() |
নন্দিনী সতপতি (১৯৩১–২০০৬) |
১৪ জুন ১৯৭২ | ১৬ ডিচেম্বৰ ১৯৭৬[RES] | ৪ বছৰ ১৮৫ দিন | উৰিষ্যা | ||
৩ | ![]() |
শশীকলা কাকোদকৰ (১৯৩৫–২০১৬) |
১২ আগষ্ট ১৯৭৩ | ২৭ এপ্ৰিল ১৯৭৯ | ৫ বছৰ ২৫৮ দিন | গোৱা | মহাৰাষ্ট্ৰবাদী গোমান্তক পাৰ্টি (সংক্ষেপে এমজিপি) | |
৪ | ![]() |
আনোৱাৰা টাইমূৰ (1936–2020) |
৬ ডিচেম্বৰ ১৯৮০ | ৩০ জুন ১৯৮১ | ২০৬ দিন | অসম | ভাৰতীয় জাতীয় কংগ্ৰেছ | |
৫ | ![]() |
ভি. এন. জনাকী ৰামচন্দ্ৰন (১৯২৩–১৯৯৬) |
৭ জানুৱাৰী ১৯৮৮ | ৩০ জানুৱাৰী ১৯৮৮ | ২৩ দিন | তামিল নাডু | এ আই ডি এম কে | |
৬ | ![]() |
জয়ললিতা জয়ৰাম (১৯৪৮–২০১৬) |
২৪ জুন ১৯৯১24 June 1991 | ১২ মে’ ১৯৯৬ | ১৪ বছৰ ১২৪ দিন | |||
১৪ মে'২০০১ | ২১ ছেপ্টেম্বৰ ২০০১[RES] | |||||||
২ মাৰ্চ ২০০২ | ১২ মে’২০০৬ | |||||||
১৬ মে' ২০১১ | ২৭ ছেপ্তেম্বৰ ২০১৪ | |||||||
২৩ মে'২০১৫ | ৫ ডিচেম্বৰ ২০১৬ [†] | |||||||
৭ | ![]() |
মায়াৱতী (জন্ম.১৯৫৬) |
১৩ জুন ১৯৯৫ | ১৮ অক্টোবৰ ১৯৯৫ | ৭বছৰ ৫ দিন | উত্তৰ প্ৰদেশ | বহুজন সমাজ পাৰ্টি | |
২১ মাৰ্চ ১৯৯৭ | ২১ ছেপ্টেম্বৰ ১৯৯৭[RES] | |||||||
৩ মে'২০০২ | ২৯ আগষ্ট ২০০৩[RES] | |||||||
১৩ মে' ২০০৭ | ১৫ মাৰ্চ ২০১৫ | |||||||
৮ | ![]() |
ৰজিন্দৰ কৌৰ ভট্টাল (জন্ম.১৯৪৫) |
২১ নৱেম্বৰ ১৯৯৬ | ১২ ফেব্ৰুৱাৰী ১৯৯৭ | ৮৩ দিন | পঞ্জাব | ভাৰতীয় জাতীয় কংগ্ৰেছ | |
৯ | ![]() |
ৰাবৰি দেৱী (জন্ম . ১৯৫৫) |
২৫ জুলাই ১৯৯৭ | ১১ ফেব্ৰুৱাৰী ১৯৯৯ | ৭ বছৰ,১৯০ দিন | বিহাৰ | ৰাষ্ট্ৰীয় জনতা দল | |
৯ মাৰ্চ ১৯৯৯ | ২ মাৰ্চ ২০০০[RES] | |||||||
১১ মাৰ্চ ২০০০ | ৬ মাৰ্চ ২০০৫ | |||||||
১০ | ![]() |
সুষমা স্বৰাজ (১৯৫২–২০১৯) |
১২ অক্টোবৰ ১৯৯৮ | ৩ ডিচেম্বৰ ১৯৯৮ | ৫২ দিন | দিল্লী, কেন্দ্ৰীয় শাসিত অঞ্চল | ভাৰতীয় জনতা দল | |
১১ | ![]() |
শীলা দীক্ষিত (১৯৩৮–২০১৯) |
৩ ডিচেম্বৰ ১৯৯৮ | ২৮ ডিচেম্বৰ ২০১৩ | ১৫ বছৰ ২৫ দিন | ভাৰতীয় জাতীয় কংগ্ৰেছ | ||
১২ | ![]() |
উমা ভাৰতী (জন্ম .১৯৫৯) |
৮ ডিচেম্বৰ ২০০৩ | ২৩ আগষ্ট ২০০৪[RES] | ২৫৯ দিন | মধ্য প্ৰদেশ | ভাৰতীয় জনতা দল | |
১৩ | ![]() |
বসুন্ধৰা ৰাজে (জন্ম . ১৯৫৩) |
৮ ডিচেম্বৰ ২০০৩ | ১৩ ডিচেম্বৰ ২০০৮ | ১০ বছৰ ৯ দিন | ৰাজস্থান | ||
১৩ ডিচেম্বৰ | ১৭ ডিচেম্বৰ ২০১৮ | |||||||
১৪ | ![]() |
মমতা বেনাৰ্জী* (জন্ম.১৯৫৫) |
২০ মে' ২০১১ | কাৰ্যবাহী | ২০ মে'২০১১ ৰ পৰা | পশ্চিম বংগ | তৃণমূল কংগ্ৰেছ | |
১৫ | ![]() |
আনন্দীবেন পেটেল (জন্ম.১৯৪১) |
২২ মে' ২০১৪ | ৭ আগষ্ট ২০১৬[RES] | ২ বছৰ ৭৭ দিন | গুজৰাট | ভাৰতীয় জনতা দল | |
১৬ | ![]() |
মেহবুবা মুফটি (জন্ম. ১৯৫৯) |
৪ এপ্ৰিল ২০১৬ | ১৯ জুন ২০১৮ | ২ বছৰ ৭৬ দিন | জম্মু-কাশ্মীৰ | জম্মু-কাশ্মীৰ পিপলছ ডেম'ক্ৰেটিক পাৰ্টি | |
১৭ | ![]() |
আতিশী মাৰ্লিন (জন্ম.১৯৮১) |
২১ ছেপ্টেম্বৰ ২০২৪ | ২০ ফেব্ৰুৱাৰী ২০২৫ | ৪ মাহ ৩০ দিন | দিল্লী, কেন্দ্ৰীয় শাসিত অঞ্চল | আম আদমী পাৰ্টি |
- ↑ Durga Das Basu. Introduction to the Constitution of India. 1960. 20th Edition, 2011 Reprint. pp. 241, 245. LexisNexis Butterworths Wadhwa Nagpur. আই.এচ.বি.এন. 978-81-8038-559-9
- ↑ Sharma, Kalpana (29 September 2024). "The paradox of India's woman politician". The Hindu: পৃষ্ঠা Sunday Magazine P1. https://www.thehindu.com/society/india-woman-politician-balance-ambitions-identity-expectations-mamata-banerjee-atishi-vinesh-phogat/article68676929.ece.