এণ্টাৰ্কটিকা - অসমীয়া ৱিকিপিডিয়া
- ️Thu Jan 18 2007
(89th parallel southৰ পৰা পুনঃনিৰ্দেশিত)
![]() | |
মাটিকালি | 14,000,000 km2 (মুঠ)
280,000 km2 (বৰফ মুক্ত) |
---|---|
জনসংখ্যা | সপ্তম
0 (স্থায়ী) প্ৰায় 1,000 (অস্থায়ী) |
অধীনস্থ অঞ্চলসমূহ | 4
|
সময় অঞ্চলসমূহ | নাই UTC-3 (কেবল গ্ৰাহাম লেণ্ডৰ বাবে) |
ইন্টাৰনেট TLD | .aq |
![](https://upload.wikimedia.org/wikipedia/commons/thumb/e/e0/Antarctica_6400px_from_Blue_Marble.jpg/220px-Antarctica_6400px_from_Blue_Marble.jpg)
এণ্টাৰ্কটিকা পৃথিৱী এখন মহাদেশ। কুমেৰু অৰ্থাৎ দক্ষিণ মেৰুত এই মহাদেশৰ অৱস্থিত, আৰু এই মহাদেশক পৰিবেষ্টন কৰি আছে দক্ষিণ মহাসাগৰ। এণ্টাৰ্কটিকা পৃথিৱীৰ দক্ষিণতম মহাদেশ হোৱাৰ লগতেই আটাইতকৈ শীতলতম আৰু শুষ্কতম মহাদেশ। ইয়াৰ গড় উচ্চতা আৰু বায়ুপ্ৰবাহবেগও মহাদেশবোৰৰ ভিতৰত সৰ্বাধিক।[1]
এণ্টাৰ্কটিকা এক মৰুভূমি হিচাবে বিবেচনা কৰা হয়, কাৰণ ইয়াৰ বাৰ্ষিক বৃষ্টিপাত মাত্ৰ ২ ৰ পৰা ০ মিমি (৮ ইঞ্চি), ই কেবল উপকূলৰহে পৰিমাণ, ভিতৰৰ পৰিমাণ ইয়াতকৈও কম।[2] ইয়াত স্থায়ীভাবে মানুহ বাস নকৰে, মহাদেশখনৰ বিভিন্ন স্থানত থকা গবেষণা ষ্টেচনসমূহত ১,০০০ ৰ পৰা ৫,০০০ মানুহ বছৰৰ বিভিন্ন সময়ত অৱস্থান কৰে। প্ৰবল শীতৰ বাবে উদ্ভিদ আৰু প্ৰাণী ইয়াত জীয়াই থকা কঠিন, কেবল পেঙ্গুইন, চিল, নেমাটোড, টাৰ্ডিগ্ৰেৰ, মাইট, বিভিন্ন প্ৰকাৰৰ শৈবাল, অন্যান্য অনুবিক্ষণীয় জীৱ আৰু তুন্দ্ৰাৰ উদ্ভিদসমূহে ইয়াৰ বাসিন্দা।
- ↑ "National Geophysical Data Center". National Satellite, Data, and Information Service. http://www.ngdc.noaa.gov/mgg/image/2minrelief.html। আহৰণ কৰা হৈছে: 9 June 2006.
- ↑ C. Alan Joyce (2007-01-18). "The World at a Glance: Surprising Facts". The World Almanac. http://www.worldalmanac.com/blog/2007/01/the_world_at_a_glance_surprisi.html। আহৰণ কৰা হৈছে: 2009-02-07.