আডাম ৰেইনাৰ - অসমীয়া ৱিকিপিডিয়া
- ️Wed Jan 15 2020
(Adam Rainerৰ পৰা পুনঃনিৰ্দেশিত)
আডাম ৰেইনাৰ Adam Rainer | |
---|---|
![]() আডাম ৰেইনাৰ (বাওঁদিশে) আৰু সাধাৰণ উচ্চতাৰ এজন মানুহ, আনু. ১৯৩০ | |
জন্ম | ১৮৯৯ গ্ৰেজ, অষ্ট্ৰিয়া-হাংগেৰী |
মৃত্যু | ৪ মাৰ্চ, ১৯৫০ (৫১ বছৰ) |
জনা যায় | একেলগে এজন বাওনা আৰু অতিকায় |
উচ্চতা | 122.55 cm (U=ft}}) (১৮ বছৰ বয়স) 234 cm (U=ft}}) (৫১ বছৰ) |
আডাম ৰেইনাৰ (১৮৯৯ – ৪ মাৰ্চ ১৯৫০) এজন অষ্ট্ৰিয় লোক যি লিখিত ইতিহাসত একেলগে বাওনা আৰু অতিকায় বুলি চিহ্নিত একেমাত্ৰ লোক।[1] তেওঁৰ এক্ৰ'মেগেলী ৰোগ আছিল বুলি বিশ্বাস কৰা হয়।[2]
১৮৯৯ চনত অষ্ট্ৰিয়া-হাংগেৰীৰ (বৰ্তমানৰ অষ্ট্ৰিয়া) গ্ৰেজত আডাম ৰেইনাৰৰ জন্ম হৈছিল।[3] শিশু অৱস্থাত ৰেইনাৰক বৰ সৰু, খীণ অৰু দুৰ্বল বুলি কোৱা হৈছিল। ১৯১৭ চনত ১৮ বছৰ বয়সত তেওঁৰ উচ্চতা আছিল 122.55 cm (U=ft}})। গতিকে প্ৰথম বিশ্বযুদ্ধত ভাগ ল'বলৈ অষ্ট্ৰ'-হাংগেৰীয়ান সামৰিক বাহিনীত তেওঁক প্ৰত্যাখান কৰা হৈছিল।[4] প্ৰাপ্তবয়স্ক উচ্চতা 147 cm (U=ft}})ৰ কম হ'লে ইয়াক বামনত্বৰ বিশেষত্ব বুলি ধৰা হয়।
বহু বছৰৰ পাছত পিটুইটেৰীৰ টিউমাৰৰ ফলত হঠাত ৰেইনাৰৰ উচ্চতা বাঢ়িবলৈ ধৰে। বিছৰ দশকৰ আৰম্ভণিৰ পৰা ত্ৰিছৰ আৰম্ভণিলৈকে তেওঁৰ প্ৰতি বছৰে গড়ে ৯.১৪ ছেমি (৩.১৬ ইন) উচ্চতা বাঢ়ে।[3] ১৯৩২ চনত (৩৩ বছৰ বয়স) ৰেইনাৰ উচ্চতা 218 cm (U=ft}}) হয়গৈ।[5] ১৯ বছৰ বয়সত তেওঁৰ জোতাৰ জোখ US ১০ (EUR ৪৩) ৰ পৰা তিনি বছৰ পাছতে ২০ হয় (EUR ৫৭.৫)।[6]
দুগৰাকী চিকিৎসকে আগষ্ট ১৯৩০ৰ পৰা মে' ১৯৩১ চনত ভিতৰত ৰেইনাৰৰ বিস্তৃতভাৱে পৰীক্ষা কৰে। সেই সময়ত তেওঁৰ উচ্চতা আছিল 216 cm (U=ft}})। এটা নিৰীহ পিটুইটেৰী এডিন'মা ধৰা পৰে যাৰ বাবে তেওঁৰ অস্বাভাৱিক বৃদ্ধি ঘটিছিল। ডঃ অস্কাৰ হিৰ্চে তেওঁৰ টিউমাৰটো অস্ত্ৰোপচাৰ কৰি আঁতৰায়।[4]
টিউমাৰ আঁতৰোৱাৰ আগতেই পিটুইটেৰীৰ বিজুতি আৰু অস্বাভাৱিক বৰ্ধনৰ বাবে ৰেইনাৰ দুৰ্বল হৈ পৰি উঠিব নোৱৰা হৈছিল। অস্ত্ৰোপচাৰৰ কেইদিনমানৰ পাছতেই তেওঁ এটা বৃদ্ধাশ্ৰমত আশ্ৰয় লয় আৰু আমৃত্যু ততে থাকে।[3] ১৯৫০ চনৰ ৪ মাৰ্চত মৃত্যু হওঁতে তেওঁৰ উচ্চতা আছিল 234 cm (U=ft}})।[7]
- ↑ Guinness World Records, 2004.
- ↑ "World's Littlest Giant: The Curious Case of Adam Rainer". thechirurgeonsapprentice.com. 20 January 2015. http://thechirurgeonsapprentice.com/2015/01/20/worlds-littlest-giant-the-curious-case-of-adam-rainer/। আহৰণ কৰা হৈছে: 6 November 2018.
- ↑ 3.0 3.1 3.2 Bellows, Alan. "The Man Who Was a Dwarf and a Giant" Archived 10 June 2011 at the Wayback Machine, DamnInteresting.com, 1 December 2005.
- ↑ 4.0 4.1 Hirsch, Oskar (1961). "Two Different Types of Gigantism Due to Similar Tumors. Discussion of Growth.". Stereotactic and Functional Neurosurgery খণ্ড 21 (4): 345–356. doi:10.1159/000104531. PMID 13907711. https://www.karger.com/Article/Abstract/104531। আহৰণ কৰা হৈছে: 19 April 2021.
- ↑ Hirsch, Obar. সাঁচ:Usurped Confinia Neurologica, Vol. 21, No. 4 (1961)
- ↑ Fitzharris, Lindsey. "The Insane Story Of A Man Who Was Born A Dwarf And Died A Giant". Business Insider. https://www.businessinsider.com/adam-rainer-was-both-a-dwarf-and-a-giant-2015-1। আহৰণ কৰা হৈছে: 1 August 2020.
- ↑ সাঁচ:Usurped at The Tallest Man