ৱিকি - অসমীয়া ৱিকিপিডিয়া
- ️Fri May 16 2008
(Wikiৰ পৰা পুনঃনিৰ্দেশিত)
'ৱিকি' (wiki) হৈছে এক ধৰণৰ 'ৱেবচাইট' য'ত 'ইণ্টাৰনেট' দৰ্শন কৰিবলৈ ব্যৱহাৰ কৰা 'ব্ৰাউজাৰ'ৰ যোগেদিয়েই 'ৱেবপৃষ্ঠা' এটা নতুনকৈ সৃষ্টি কৰিব পাৰি বা ইতিপূৰ্বে থকা পৃষ্ঠা এটা সম্পাদনা কৰিব পাৰি।[1][2][3] 'ৱিকি'সমূহক সাধাৰণেতে 'ৱিকি ছফ্টৱেৰ'-এ চলায়, আৰু কেইবাজনো ব্যৱহাৰকাৰীয়ে সামূহিক ভাৱে ব্যৱহাৰ কৰে। কিছুমান উদাহৰণ: সামাজিক ৱেবছাইটসমূহ (community websites), কোম্পানীৰ অন্ত:জাল (corporate intranets), জ্ঞান পৰিচালনা প্ৰণালী (knowledge management systems), আৰু টোকা-সেৱা (note services)। ব্যক্তিগত টোকা-ৰখাৰ বাবেও ৱিকি ব্যৱহাৰ কৰিব পাৰি। অৱস্থা ভেদে ৱিকি এটাৰ সম্পাদনা ক্ষমতা সীমিত কৰি ৰাখিব পাৰি।
প্ৰথম 'ৱিকি ছফ্টৱেৰ', 'ৱিকিৱিকিৱেব'-ৰ (WikiWikiWeb) স্ৰষ্টা আছিল 'ৱাৰ্ড কানিংহাম' (Ward Cunningham)। তেখেতে ইয়াক "সৰলতম আন্তঃজাল তথ্যসূচী, সম্ভৱত: ব্যৱহাৰযোগ্য" (the simplest online databse that could possible work) বুলি উল্লেখ কৰিছিল।

ৱিকি আহিছে 'হাৱাই' দেশীয় শব্দ, 'ৱিকি'ৰপৰা (উচ্চাৰণ: ৱিটি)। যাৰ অৰ্থ: তৎক্ষণাৎ।
- WikiIndex.org Archived 2008-05-16 at the Wayback Machine ৱিকি সমূহৰ তালিকা পৃষ্ঠা
- ৱিকিৰ বিষয়ে জানো আহক ৱাৰ্ড কানিংহামৰ সতে বিল ভাৰ্ণাৰছ-ৰ সাক্ষাৎকাৰ
- WikiMatrix ৱিকি ছফ্টৱেৰ আৰু ৱিকি সংযোগ স্থানৰ পৰ্যালোচনা
- ↑ Dictionary.oed.com
- ↑ wiki, 1, প্ৰকাশক London: Encyclopædia Britannica, Inc., 2007, http://www.britannica.com/EBchecked/topic/1192819/wiki, আহৰণ কৰা হৈছে: 2008-04-10
- ↑ Mitchell, Scott (July, 2008), Easy Wiki Hosting, Scott Hanselman's blog, and Snagging Screens, MSDN Magazine, http://msdn.microsoft.com/en-us/magazine/cc700339.aspx, আহৰণ কৰা হৈছে: 2010-03-09