as.wikisource.org

ৱিকিউৎস

এই মাহৰ নিৰ্বাচিত লেখা

বিশিষ্টা শিক্ষাবিদ ইন্দিৰা মিৰি
লেখক : হিৰণ্ময়ী দেৱী(২০২০)


১৯৪৭ চনত যেতিয়া ইন্দিৰা মিৰি শিক্ষা-বিষয়া ৰূপে নেফাত উপস্থিত হৈছিল তেতিয়া তাত শিক্ষানুষ্ঠান বুলিবলৈ মাথোন তিনিখন প্ৰাথমিক বিদ্যালয় আছিল, এখন পাছীঘাটত, এখন শদিয়াত আৰু ৩ য় খন মেকাত। পাছীঘাটৰ স্কুলখন টানমুদ মৰাং নামৰ এজন মিৰিলোকে চলাইছিল। শদিয়াৰ খনৰ দায়িত্বত আছিল খ্ৰীষ্টিয়ান মিছনেৰী; চিলিণ্ডাৰ চাহাব নামে খ্যাত এজন ইউৰোপীয়ৰ তত্ত্বাবধানত সেইখন চলিছিল। মেকাৰ স্কুলখনৰ শিক্ষক আছিল ডুগিয়ন লেগো নামে এজন আবৰ লোক। তিনিওখনৰে মাধ্যম অসমীয়া আছিল। তিনিওখনতে অসমৰ বিদ্যালয়ৰ পাঠ্যক্ৰমেই চলিছিল।

এই মাহৰ সহযোগিতামূলক কাম

অসমীয়া ৱিকিউৎসৰ পৰিসংখ্যা